Skip to main content

Minimi - Bangladeshi Lyrics


Minimi - Bangladeshi - Minimi Lyrics


Singer Minimi
Singer Minimi
Music S. Siddhartha
Song Writer Minimi



বহু দেখিলোঁ, বহু শুনিলোঁ
কিন্তু এতিয়া, কোৱাৰ সময় আহি পৰিছে
আৰু চকু মুদা কুলি হৈ নাথাকোঁ,
সকলো কথা খুলি ক'ম

লাচিতৰ দেশত আজি লাগিলে কলংক
নেতা হ'ল পেটুৱা, কৃষক উলংগ
দুই বছৰতে হ'ব দেশ ধ্বংস
নাথাকিব বুলিবলে অসমীয়া বংশ
য'তে চাওঁ দেখোঁ মাথোঁ হাহাকাৰ
Busy আছে সকলো, কোনে শুনে কাৰ
সকলোৰে বাবে যদি এক অধিকাৰ
তেন্তে কোর্ট কাছাৰীৰ কি দৰকাৰ
চৰকাৰ, শুই আছে নেকি
অসমতে আনি বোলে ভৰাব বিদেশী
তুলি লওঁ যদি হেংদাং,
দাঙি ঠেং, এৰি লুঙী পলাব বাংলাদেশী
নাই জাতিভেদ হিন্দু-মুছলিম আমি ভাই ভাই
এৰি দিম অসমক? নাই নাই
অতিথি ভগৱান আমাৰ কাৰণে
কিন্তু বহিৰাগতক মাৰ ধাই ধাই
কাটি কৰিম দুছেও যদি উঠে প্ৰশ্ন
আই মাতৃৰ অস্তিত্বৰ ওপৰত
সকলোৰে ঘৰত আছে তৰোৱাল,
আছে ধাৰ, আছে কাৰ মৰ-সাহ
পাহুৱাল অসমীয়া ওলাই আহ
কৰোঁ আমি লুইত ৰক্তাক্ত
নহ'লে হ'ব অসম ইতিহাস
নাথাকিব ক'বলে বৃত্তান্ত
এটকীয়া মন্ত্ৰী, দুটকীয়া শাসন
তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ
আজি তেওঁলোকে লৈছে আসন ,
যাৰ জোৰ আছে পকেটত, একেবাৰে মাখন
টেবুলৰ তলৰ লেন-দেন
বেংকৰ হিচাপ, হেন-তেন
ইটো সিটো, ban ban
Electionৰ timeত কৰিব পেন-পেন

Electionৰ timeততো vote লাগে ন!
সেইকাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ কথা কয়,
ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, ডাঙৰ ডাঙৰ আশা দিয়ে
কিন্তু আসন পোৱাৰ পিছত কি কৰে!
সকলো ঠগবাজ, সকলোৱে লুটি খায়
আৰু আমিবোৰে কি চাই থাকিম (?)
আমিবোৰে চাই থাকিম নেকি (?)
আমি মাত দিম, আমি যুঁজ দিম
এইবোৰ আৰু নচলিব

সত্তৰ বছৰৰ স্বাধীনতা
নেতা - পালিনেতা, অভিনেতা
এটা গাদীত, চকীত এটা
ঢাৰি পাৰি বহি গৈছে বাকী কেইটা
প্ৰতিশ্ৰুতিবোৰ দিব সমাজক
আঁচনিৰ ধন মাৰি নেতা পলাতক
দেশক লৈ কৰিছে নাটক
ধনৰ বিনিময়ত বিকিছে মাকক
লাচিতৰ তেজ যদি গাত আছে,
নিজকে চা দাপোণত, তোৰো মাত আছে
তৰোৱাল ল'বলে তোৰো দুখন হাত আছে
কাইলে কাঁহীত একো নাথাকিব, আজি হে ভাত আছে
অ', আজি ভাত আছে, হাতত নাই ডেগাৰ, হাতত আছে ফোন,
তই কিয় শুনিবি, আমি ক'বলে কোন
তোৰ নিজৰটো ঠিক আছে চোন

এয়া মানসিকতা এই প্ৰজন্মৰ
তথাপি ভাবোঁ, আমি মহান
জোৰ পুৰি হাত পালে নাই কাণসাৰ
এদিন এই ঠাই হ'ব শ্মশান
আৰু ৰৈ থাকি লাভ নাই,
টঙালি বান্ধি ল,
পাৰিলে তই জোং-যাঠি ল,
যদি ৰণ কৰিবলে ভয় লাগে
তেন্তে তই পেটত গামোচা গাঁথি থ,
খাবলে নাপাবি একো,
আজিহে বুজা নাই,
কাইলে গম পাবি ৰ,
যদি কৰ লাজ নিজকে বুলিবলে অসমীয়া
নিজ নাকটোকেই কাটি থ
নাকটো কাটি ল কেলা
ৰণ হৈছে, হোৱা নাই খেলা,
মগজত আছে যদি জ্ঞান,
ওলাই আহ লৈ ঢাল-তৰোৱাল

যদি তই সঁচা অসমীয়া, ওলাই আহ
কাৰণ তোৰ আজি প্ৰয়োজন আছে
এয়া সময় বহি থকাৰ নহয়,
এয়া সময় যুঁজ দিয়াৰ
এয়া সময় ৰণ কৰাৰ, ৰণহুংকাৰ বাজিছে
আজি সকলো অসমীয়া এক হ'ব লাগিব,
আমি এক হ'ব লাগিব
আমি যুঁজ দিব লাগিব
আৰু আমি যুঁজ দিম, আমি চাই নাথাকোঁ , আমি যুঁজ দিম
Let's go


কোনে কৰিব ওকালতি
এই দেশ হ'ব ছাৰখাৰ অকালতে
লাচিতৰ যুঁজ যাব অবাবতে
কনকলতাইও চাগে আজি মুখ ঢাকে
খাৰখোৱা জাতিৰ, মেৰুদণ্ড বেঁকা,
এই জাতিৰ এয়া অন্তিম শতিকা,
এই ভেঁটি-মাটিৰ কোনে লৈছে ঠিকা,
ক'ত গ'ল খিলঞ্জীয়াৰ আজি অধিকাৰ
ব্ৰহ্মপুত্ৰৰ সোঁত বয় কোন দিশে,
আমাৰ ভৱিষ্যত কোনে লিখে
আজিৰ অসমীয়া খাই লৈ মত্ত
কোনেও বুজি নাপায় এই অৰ্থ
আমি অন্ধ, সকলো কাম পণ্ড,
প্ৰজাতন্ত্ৰত ৰজা ভণ্ড,
সমস্যাজৰ্জৰ দেশত
এটাই নেকি সমাধান! অসম বন্ধ
অসম বন্ধৰে কি হ'ব বে
যদি জোৰ আছে ডিঙিতে ৰেপি দে
এদিন দুদিন কৰি ভৰি গ'ল
সোণৰ অসম আজি বাংলাদেশীৰে
গ'ল নিজ ভাষা, গ'ল নিজ মাটি, গ'ল নিজ তেজ
হয়তো মৰিম, নহ'লে মাৰিম, কৰিম শেষ
গ'ল নিজ ভাষা, গ'ল নিজ মাটি, গ'ল নিজ তেজ
নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ
নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ
নিজেও মৰিম, তহঁতক মাৰিম, কৰিম শেষ

এই যুঁজখন মই মোৰ নিজৰ হাতত লৈছোঁ
আৰু আপোনালোকেও নিজৰ হাতত ল'ব লাগে
আমি সকলোৱে মিলি এই যুঁজ দিব লাগে
MINIMI ARMY
This is time for a war
And we will fight this war
And we will win this one
Peace,
Shoutout to everyone
জয় আই অসম.


Comments

Popular posts from this blog

Khin Min Lora - Kool D Lyrics

Khin Min Lora - Kool-D Lyrics Singer Kool-D Singer Kool-D Music Prod. 27corazones beats Song Writer Kool-D Lyrics (ক্ষীণ-মিন ল'ৰা ভাত পানী খোৱা নাই মই তিন-দিন পৰা প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা )×2 এংকৰী বেংকৰী , ঘূৰিফুৰোঁ জেংকৰি জপিঁয়াব খুজোঁতেই ভাগিছিলে ঠেংভৰি সন্ধিয়া জোহালত জ্বলাই লৈ জেংখৰি কত' মিছা শপত খালো ,আঙুলিটো লেং ধৰি লাহে লাহে ডাঙৰ হলো , ঠগ খালো প্ৰেমকৰি বিয়া বাৰু নাপাতো মই নালাগে মোক শ্ৰীমতী শুকান মোৰ জীৱনটো জ্বলি যাব ফিৰিঙটিত এনেই বহু দূৰবাট তাতে মোৰ ধীমি-গতি মোক লাগে লগৰ কেইটা খেলিবলৈ তিনিপট্টি তথাপিটো আজিলৈকে কৰা নাই মই মদ্য-পান অভ্যাসটো লাগি গলে এৰাবলৈ বদ্য-টান সিৰে সিৰে হিপ হপ মই অপদীয়া পদ্য- গাম নাজানো মোৰ কৰ পৰা আহিল এনে শব্দ-জ্ঞান ক্ষীণ-মিন ল'ৰা ভাত পানী খোৱা নাই মই তিন-দিন পৰা প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা চিধা নৰ্থ লখিমপুৰ ,ঘৰ মোৰ নকাৰী আজি কোৱা কথা কেইটা নহয় পিছে দৰকাৰী ৰঙানদীৰ পাৰত মোৰ আচল ঘৰ কদমিয়াল এপাক মাৰি চাবা তাত মানুহ কিমান ...

Gondogul - Kool-D Lyrics

Gondogul - Kool-D Lyrics Singer Kool-D Singer Kuldeep Saikia Music Kuldeep Saikia Song Writer Kuldeep Saikia মোৰ শিতানত গাৰু , তাতে শুই ভাবিছোঁ ইকাণৰ কথাটো কেনেকৈ সিকাণত পালেগৈ বাৰু, দুকমুকালিতে কুকুৰাই ডাকুতে , মায়ে লগালে চোতালত ঝাড়ু , বেলি মূৰ পালেহি উঠিবৰ খবৰ নাই দেচোন দুচৰ মান দুগালত মাৰো, ভিতৰত দেখিছোঁ চিতলৰ বাকলি আইতাৰ হাতৰ পিতলৰ খাৰুত , বিফল মানুহৰ বিকল জীৱনত যুঁজখন অলপমান শীতল হল আৰু । মই কৈদিলোঁ কথাবোৰ খোলাখুলি তোৰ ভাগত পৰিব ঘুলাকণী অদলাই বদলাই মৰমবোৰ জুখোঁতে সাৱধান ভাঙিব তুলাচনী লাগে মোক বাৰিষা পথাৰত বোকাত নামিলৈ কঠীয়া তুলাজনী । সৱতে লাগিলে গণ্ডগোল বামুনে মাতিলে মন্ত্ৰ ভুল Rap টো গাবলৈ জিভাখন নুঘূৰে Beat টো নিমিলে ছন্দভুল একেটা শাৰীত নুকীয়াই জুকীয়াই কথাবোৰ ভৰালে ঠেকেছা মাৰি বেকেটা হাঁহি মুখতে মাৰিলে গোটখা এপেকেত কেটেপা মাৰি ক্ষীণ মিন লৰাৰ বাবেও কোনোবাই বিচাৰিছোন এজনী চেপেটা নাৰী গৰমৰ দিনতে ফেনৰে তলতে বহিলৈ আৰাম লেপেট খাই ধাৰীত এখেতৰ কথাটো তেখেতক লগালে ব্ৰেকেতৰ ভিতৰত সোমালে জ্ঞানৰে টোপোলা , সমাজখন ফোঁপোলা ,আকাশখন শুকুলা ,...

Hip Hop Bachao Abhiyan - Van M, Memo, Awkward Lyrics

Hip Hop Bachao Abhiyan - Van M, Memo, Awkward Lyrics Singer Van M, Memo, Awkward Singer Van M, Memo, Awkward Music Vivek Song Writer Van M, Memo, Awkward HOOK Jiwan mai jab v mai khoya thaa asha Bolna mai sikha tab hip hop ka bhasha Diya jab bohoto ne jhuta dilasa Bas hip hop k jariye mai kiya khulasa Bhatke thee sadko pa pyasa aur bhukha dar dar k thokre jab khaya tab sikha Bohoto ne roka aur bohoto ne touka par hip hop hi jiwan ka aankhri hai mauka MEMO VERSE LAMBE WAQT SE MAI DEKH RAHA LAKSHAN HIP HOP KI SANRAKHSAN AAJ HAMARE 6 HATHOON MAI GALA GHOT DU YA VIRAL KAR DU SCANDAL HIP HOP BACHAO ABHIYAN NA HOGA INN LUTERO SE EMINEM, KANYE WEST, JAY Z, TUPAC AVI K JAISE YE KAVI NI KARTE THEE, GANDAGI NAHI THII, ASLI HIP HOP HAA MAINE JEENA SIKHA, KUCH NAYA KARNA SIKHA AAJ K BACCHE YE, DUDH K DAANT PE, FAME K LAT PE YE KARTE TIKTOK GANDA KARNA, SAAF KARNA PATI PATNI KA BANDHAN COLGATE BECHE KAJOL , VIMAL BECHE AJAY DEVGAN GUCCI K POSHAK HAI ...