Skip to main content

Khin Min Lora - Kool D Lyrics


Khin Min Lora - Kool-D Lyrics


Singer Kool-D
Singer Kool-D
Music Prod. 27corazones beats
Song Writer Kool-D
Lyrics

(ক্ষীণ-মিন ল'ৰা
ভাত পানী খোৱা নাই মই তিন-দিন পৰা
প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা
হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা )×2

এংকৰী বেংকৰী , ঘূৰিফুৰোঁ জেংকৰি
জপিঁয়াব খুজোঁতেই ভাগিছিলে ঠেংভৰি
সন্ধিয়া জোহালত জ্বলাই লৈ জেংখৰি
কত' মিছা শপত খালো ,আঙুলিটো লেং ধৰি
লাহে লাহে ডাঙৰ হলো , ঠগ খালো প্ৰেমকৰি

বিয়া বাৰু নাপাতো মই নালাগে মোক শ্ৰীমতী
শুকান মোৰ জীৱনটো জ্বলি যাব ফিৰিঙটিত
এনেই বহু দূৰবাট তাতে মোৰ ধীমি-গতি
মোক লাগে লগৰ কেইটা খেলিবলৈ তিনিপট্টি
তথাপিটো আজিলৈকে কৰা নাই মই মদ্য-পান
অভ্যাসটো লাগি গলে এৰাবলৈ বদ্য-টান
সিৰে সিৰে হিপ হপ মই অপদীয়া পদ্য- গাম
নাজানো মোৰ কৰ পৰা আহিল এনে শব্দ-জ্ঞান

ক্ষীণ-মিন ল'ৰা
ভাত পানী খোৱা নাই মই তিন-দিন পৰা
প্ৰেম কৰি কথা দিলো কিনি -দিম তৰা
হঠাৎ আহি ওলালেহি ভিন-ভিন দৰা

চিধা নৰ্থ লখিমপুৰ ,ঘৰ মোৰ নকাৰী
আজি কোৱা কথা কেইটা নহয় পিছে দৰকাৰী
ৰঙানদীৰ পাৰত মোৰ আচল ঘৰ কদমিয়াল
এপাক মাৰি চাবা তাত মানুহ কিমান মৰমিয়াল
আগফালে গোঁহালিটোৰ লগত এখন ঘোলনি
Side তে ৰঙা নীলা ফুলি থকা ফুলনি
বকুল সৰা পদূলিটোত আছিল এডাল নঙলা
মাটি লিপি সজা সেইটো ঘৰ নাছিল বঙলা
এতিয়া সব অতীত so মনত পেলাই সেইবোৰ কথা হম গৈযে পগলা

কোনোবাই কয় শকত হলি কোনোবাই কয় ক্ষীণ
কোনোৱে ভাবে বিপদ বুলি কোনোবাই কৰে ঘৃণ
মূৰত অলপ শুকান চুলি , তেল-তুলৰ চিষ্টেম নাই
জুল বোৱা নাকটো মোৰ হিন্দীত কয় ঝুখাম বুলি
বহি আছোঁ দোকান খুলি, লৈ এগাল উফি
কাণত লগাই হেডফ'নডাল শুনি থাকো চুফী
কাৰণ মনটো অলপ দুখী
মন আছিল মেডিকেলৰ , পঢ়ি আছোঁ কৃষি
তথাপিটো আক্ষেপ নাই , অলপতে সুখী
বকা কেইটাই বকি থাকক মোৰ পিছে ভ্ৰূক্ষেপ নাই
দূৰৰ পৰা দেখি বোলে চুলি খিনি জপৰা
ওচৰলৈ আহি দেখে মুখ খনো ফপৰা
কথা দুটা পাতি কব , ল'ৰাটো বৰ অঁকৰা
এনেকৈ হলে দুদিন পিছত বেছিবগে পকৰা

ক্ষীণ-মিন ল'ৰা...


Comments

Popular posts from this blog

Gondogul - Kool-D Lyrics

Gondogul - Kool-D Lyrics Singer Kool-D Singer Kuldeep Saikia Music Kuldeep Saikia Song Writer Kuldeep Saikia মোৰ শিতানত গাৰু , তাতে শুই ভাবিছোঁ ইকাণৰ কথাটো কেনেকৈ সিকাণত পালেগৈ বাৰু, দুকমুকালিতে কুকুৰাই ডাকুতে , মায়ে লগালে চোতালত ঝাড়ু , বেলি মূৰ পালেহি উঠিবৰ খবৰ নাই দেচোন দুচৰ মান দুগালত মাৰো, ভিতৰত দেখিছোঁ চিতলৰ বাকলি আইতাৰ হাতৰ পিতলৰ খাৰুত , বিফল মানুহৰ বিকল জীৱনত যুঁজখন অলপমান শীতল হল আৰু । মই কৈদিলোঁ কথাবোৰ খোলাখুলি তোৰ ভাগত পৰিব ঘুলাকণী অদলাই বদলাই মৰমবোৰ জুখোঁতে সাৱধান ভাঙিব তুলাচনী লাগে মোক বাৰিষা পথাৰত বোকাত নামিলৈ কঠীয়া তুলাজনী । সৱতে লাগিলে গণ্ডগোল বামুনে মাতিলে মন্ত্ৰ ভুল Rap টো গাবলৈ জিভাখন নুঘূৰে Beat টো নিমিলে ছন্দভুল একেটা শাৰীত নুকীয়াই জুকীয়াই কথাবোৰ ভৰালে ঠেকেছা মাৰি বেকেটা হাঁহি মুখতে মাৰিলে গোটখা এপেকেত কেটেপা মাৰি ক্ষীণ মিন লৰাৰ বাবেও কোনোবাই বিচাৰিছোন এজনী চেপেটা নাৰী গৰমৰ দিনতে ফেনৰে তলতে বহিলৈ আৰাম লেপেট খাই ধাৰীত এখেতৰ কথাটো তেখেতক লগালে ব্ৰেকেতৰ ভিতৰত সোমালে জ্ঞানৰে টোপোলা , সমাজখন ফোঁপোলা ,আকাশখন শুকুলা ,

Minimi - Bangladeshi Lyrics

Minimi - Bangladeshi - Minimi Lyrics Singer Minimi Singer Minimi Music S. Siddhartha Song Writer Minimi বহু দেখিলোঁ, বহু শুনিলোঁ কিন্তু এতিয়া, কোৱাৰ সময় আহি পৰিছে আৰু চকু মুদা কুলি হৈ নাথাকোঁ, সকলো কথা খুলি ক'ম লাচিতৰ দেশত আজি লাগিলে কলংক নেতা হ'ল পেটুৱা, কৃষক উলংগ দুই বছৰতে হ'ব দেশ ধ্বংস নাথাকিব বুলিবলে অসমীয়া বংশ য'তে চাওঁ দেখোঁ মাথোঁ হাহাকাৰ Busy আছে সকলো, কোনে শুনে কাৰ সকলোৰে বাবে যদি এক অধিকাৰ তেন্তে কোর্ট কাছাৰীৰ কি দৰকাৰ চৰকাৰ, শুই আছে নেকি অসমতে আনি বোলে ভৰাব বিদেশী তুলি লওঁ যদি হেংদাং, দাঙি ঠেং, এৰি লুঙী পলাব বাংলাদেশী নাই জাতিভেদ হিন্দু-মুছলিম আমি ভাই ভাই এৰি দিম অসমক? নাই নাই অতিথি ভগৱান আমাৰ কাৰণে কিন্তু বহিৰাগতক মাৰ ধাই ধাই কাটি কৰিম দুছেও যদি উঠে প্ৰশ্ন আই মাতৃৰ অস্তিত্বৰ ওপৰত সকলোৰে ঘৰত আছে তৰোৱাল, আছে ধাৰ, আছে কাৰ মৰ-সাহ পাহুৱাল অসমীয়া ওলাই আহ কৰোঁ আমি লুইত ৰক্তাক্ত নহ'লে হ'ব অসম ইতিহাস নাথাকিব ক'বলে বৃত্তান্ত এটকীয়া মন্ত্ৰী, দুটকীয়া শাসন তিনি টকাৰ চাউল, চাৰি টকাৰ ভাষণ আজি তেওঁলোকে লৈছে আ